1 John 1

যি সময়ত “খ্রীষ্টাৰি” বুলি কোৱা এদল মিথ্যা শিক্ষকৰ দ্বাৰা মণ্ডলীলৈ ভয়াবহতা আহিছিল, সেই সময়ত যোহনে এই পত্রখন সকলো খ্রীষ্টিয়ান লোকলৈ লিখিছিল। এই লোকসকলে বিশ্বাস কৰিছিল যে, যীচু ঈশ্বৰ আছিল, কিন্তু পৃথিৱীত থাকোতে তেওঁ প্রকৃততে ৰক্ত-মাংসৰে গঠিত এজন মানৱীয় দেহৰূপী নাছিল। এই কাৰণতে যোহনে যীচুৰ জীৱনৰ তেওঁ যে এজন প্রত্যক্ষ সাক্ষী আৰু যীচুক যে তেওঁ নিজ হাতেৰে স্পর্শ কৰিছিল, সেই বিষয়ে উল্লেখ কৰিছে (1:1-3)। যোহনে নিজৰ আনন্দ সম্পূর্ণ কৰিবৰ বাবে (1 যোহন 2:26, ), পাপ কার্য কৰাৰ পৰা বিশ্বাসীসকল বিৰত থাকিবলৈ (1 যোহন 2:1), ভণ্ড শিক্ষকসকলৰ পৰা বিশ্বাসীসকলক সুৰক্ষা দিবলৈ (1 যোহন 2:26) আৰু বিশ্বাসীসকলক পৰিত্রাণৰ নিশ্চয়তা দিয়াৰ (5:13) উদ্দেশ্যেৰে এই পত্র লিখিছিল।

চমু বিৱৰণ:

  • যোহনে নিজৰ পত্রৰ পাতনিত পত্রখন লিখাৰ এক অভিপ্রায় ব্যক্ত কৰিছে (1:1-4)।
  • তাৰ পাছত ঈশ্বৰ কেনেকৈ পোহৰস্বৰূপ হৈছে, সেই বিষয়ে যোহনে বাখ্যা কৰিছে আৰু আমাক যীচুৰ দৰে জীৱন নির্বাহ কৰিবলৈ তেওঁ আহ্বান জনাইছে (1:5-3:10)।
  • প্রত্যেকে ইজনে সিজনক প্রেম কৰা আজ্ঞাৰ বিষয়ে তেওঁ আমাক সোঁৱৰাই দিছে (3:11-5:12)।
  • তেওঁ 5:13-21 পদত পত্রখনৰ সামৰণি মাৰিছে।

ঈশ্বৰৰ সৈতে সহভাগিতাৰ শুভ ফল

1যি আদিৰে পৰা আছিল
1:1 যো.১:১
, যি আমি শুনিলোঁ, যি চকুৰে দেখিলোঁ, যি আমি মনোযোগেৰে দৃষ্টি কৰি দেখিলোঁ আৰু যি আমাৰ হাতেৰে অনুভৱ কৰিলোঁ, সেই জীৱনৰ বাক্যৰ প্রসঙ্গত,
2(আৰু সেই জীৱন প্ৰকাশিত আছিল
1:2 সেই জীৱন যীচু খ্ৰীষ্ট
, আমি দেখিছিলোঁ, সাক্ষ্য বহন কৰিছিলোঁ আৰু আপোনালোকলৈ সেই অনন্ত জীৱন ঘোষণা কৰোঁ, যি পিতৃৰ সৈতে আছিল আৰু সকলো লোকৰ বাবে প্ৰকাশিত হ’ল);

3

সেয়া আমি দেখিলোঁ, শুনিলোঁ আৰু আপোনালোকলৈ ঘোষণাও কৰিলোঁ, গতিকে আপোনালোকেও আমাৰ সৈতে সহভাগীতা ৰাখিব। আমাৰ যি সহভাগীতা, সেয়া পিতৃৰ সৈতে আৰু পুত্র যীচু খ্রীষ্টৰ সৈতে সহভাগিতা।
1.3 যো ১৭:২১
4আৰু আপোনালোকৰ আনন্দ যেন সম্পূৰ্ণ হয়, সেই কাৰণে আমি এইবোৰ কথা লিখিছোঁ।

5

আমি যি বাৰ্তা তেওঁৰ পৰা শুনি আপোনালোকৰ আগত ঘোষণা কৰিছোঁ, সেই বার্তাই হ’ল, ঈশ্বৰ পোহৰ আৰু তেওঁত আন্ধাৰ অকণ মানো নাই।
6সেয়েহে আমি যদি তেওঁৰে সৈতে সহভাগিতাত আছোঁ বুলি কওঁ আৰু আমি আন্ধাৰত চলোঁ,
1.6 যো ১২:৩৫; ১ থি ৫:৪
তেনেহলে আমি মিছলীয়া আৰু সত্যৰ আচৰণ আমাৰ নাই৷
7কিন্তু তেওঁ যেনেকৈ পোহৰত আছে, তেনেকৈ আমিও যদি পোহৰত চলোঁ, তেনেহলে পৰস্পৰ মাজত আমাৰ সহভাগিতা আছে আৰু তেওঁৰ পুত্ৰ, যীচুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে।

8

আমাৰ পাপ নাই বুলি যদি কওঁ, তেনেহলে আমি নিজেই নিজকে ভুলাওঁ; আৰু আমাৰ অন্তৰত সত্যতা নাই।
9কিন্তু আমি যদি আমাৰ পাপবোৰ স্বীকাৰ কৰোঁ,
1.9 গীত ৩২:৫; হিতো ২৮:১৩
তেনেহলে বিশ্বাসী আৰু ধার্মিক যি তেওঁ, তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক শুচি কৰে।
10আমি পাপ কৰা নাই বুলি যদি কওঁ, তেনেহলে তেওঁক মিছলীয়া পাতোঁ আৰু আমাৰ অন্তৰত তেওঁৰ বাক্য নাই।

Copyright information for AsmULB